অবিবাহিত দম্পতিৰ বাবে অয়' ৰুমছৰ সেৱা

অবিবাহিত দম্পতিৰ বাবে অয়' ৰুমছৰ সেৱা

Sunday August 28, 2016,

3 min Read

সুনীল আৰু অমৃতাৰ বাবে চহৰৰ বাহিৰলৈ যোৱাটো এটা সমস্যা । বিশেষকৈ হোটেলৰ কোঠা ভাড়া কৰাটো তেওঁলোকৰ বাবে এটা ডাঙৰ সমস্যা । আপুনি হয়তো ভাবিছে তেওঁলোকে হোটেল আৰু ৰুম এগ্ৰেগেটৰ সেৱাৰ সহায় কিয় নলয় । আচল কথাটো হ'ল তেওঁলোক বিবাহিত দম্পতি নহয় ।

ভাৰতত অবিবাহিত দম্পতিয়ে হোটেলৰ কোঠা ভাড়া কৰাটোৰ ক্ষেত্ৰত কোনো আইনী বাধা নোথাকিলেও সামাজিক বহুতো বাধা আছে । হোটেলৰ কৰ্মচাৰীয়ে তেওঁলোকক "আপোনালোকক বিবাহিত নে?", "আপোনালোক যে বিবাহিত তাৰ প্ৰমাণ দিয়ক" আদি বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰে । 

Image Credit: Shutter Stock 

সেয়েহে প্ৰাপ্তবয়ষ্ক পুৰুষ মহিলাৰ বাবে ষ্টে আংকলৰ দৰেই অয়' ৰুমছেও আৰম্ভ কৰিছে Relationship Mode সেৱা । 

এই সেৱাৰ অধীনত কেৱল সেইবোৰ হোটেলকহে তালিকাভুক্ত কৰা যায় যিবোৰ হোটেলে অবিবাহিত দম্পতিকো কেৱল স্থানীয় পৰিচয় পত্ৰৰ আধাৰতে কোঠা ভাড়ালৈ দিয়ে । 

অয়' ৰুমছৰ চীফ গ্ৰ'থ অফিচাৰ কৱিক্ৰুতে কয় যে গ্ৰাহকৰ তথ্য বিশ্লেষণ কৰি তেওঁলোকে দেখিছে যে বহু সময়ত হোটেলৰ নীতি আগতীয়াকৈ নজনাৰ ফলত গ্ৰাহক সকলে প্ৰায়ে সমস্যাৰ সন্মূখীন হয় । তেওঁ কয়-

"আমি আমাৰ সহযোগীসকলক (হোটেল সমূহ) সন্মান কৰোঁ । কিন্তু আমাৰ গ্ৰাহকসকলেও কোনো ধৰণৰ অবাঞ্চিত পৰিস্থিতিৰ সন্মূখীন হোৱাটো আমি নিবিচাৰোঁ । সেয়েহে আমি প্ৰযুক্তিৰ সহায়ত এই সমস্যাৰ সমাধান কৰাত গুৰুত্ব দিলো । একেখন চহৰৰ লোকক আথবা অবিবাহিত দম্পতিক হোটেলৰ কোঠা ভাড়ালৈ দিয়াৰ বিৰুদ্ধে কোনো আইন ভাৰতত নাই ।"

"তথাপিও কিছুমান হোটেলে এই ক্ষেত্ৰত কিছুমান নিজা নীতি মানি চলে । আমি কেৱল সেই হোটেলবোৰৰ নাতি সম্পৰ্কে আমাৰ গ্ৰাহকসকলক আগতীয়াকৈ জনাৰ ব্যৱস্থা কৰি দিওঁ । আমি আমাৰ ৱেবচাইট আৰু আমাৰ এপত এই সম্পৰ্কে আগতীয়া জাননী দিওঁ ।" 

ৰিলেশ্বনশ্বিপ ম'ড সুবিধাটো অয়' এপৰ মাই একাউন্ট শিতানত ষ্টেটাছ সলনি কৰি সক্ৰিয় কৰিব পাৰি । অৱশ্যে ষ্টে' আংকলৰ দৰে অয়' এখন বিশেষ বজাৰত সোমাই পৰা নাই । 

"গ্ৰাহকমূখী এটা ব্যৱসায় হিচাপে আমি মাত্ৰ গ্ৰাহকৰ সমস্যাসমূহ বুজি সেইবোৰৰ সমাধান কৰাত গুৰুত্ব দিছো । আমাৰ সেৱা সকলোৰে কাৰণে আৰু আমি সকলো মানুহেই কনো অসুবিধা নোহোৱাকৈ হোটেলৰ কোঠা বুকিং কৰাৰ সুবিধা দিছো ।" কৱিক্ৰুতে কয় । 

অয়' ৰুমছে দাবী কৰা মতে দম্পতিৰ বাবে এই সুবিধা ভাৰতৰ ১০০ খন চহৰত উপলব্ধ । অয়'ৰ সৈতে জড়িত ৬০ শতাংশ হোটেলেই বিবিহিত আৰু অবিবাহিত দুয়োধৰণৰ দম্পতিৰ প্ৰতি মুকলি । ইয়াৰ ভিতৰত সকলোবোৰ মেট্ৰ' আৰু অৱসৰ বিনোদন ক্ষেত্ৰ অন্তৰ্ভূক্ত । অয়'ত বৰ্তমান ২০০ খন চহৰত ৬,৫০০ হোটেলৰৰ ৭০,০০০ হেজাৰ কোঠা উপলব্ধ ।

অৱশ্যে এই ক্ষেত্ৰত একাংশ চৰকাৰী বিষয়া আৰু কিছুমান সংগঠনৰ প্ৰতিৰোধৰো সন্মূখীন হৈছে অয়' অথবা ষ্টে' আংকল । 

মূল- সিন্ধু কাশ্যপ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

২৫ বছৰৰ তলৰ উদ্যমীসকলে কি কৰা উচিত আৰু অনুচিত

কৰাচীত আৱৰ্জনাৰে ঘৰ বনায় নাৰ্গিছ লটিফে

অলিম্পিক পদক নিলাম কৰি কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে ধন যেগাৰ কৰা এথলীটজন

বিভূতি লহকৰ: এছিয়াৰপৰা মনোনীত একমাত্ৰ IUCN ৱৰ্ল্ড হেৰিটেজ হিৰ'