পুলিচৰ লাঠিৰে পুলিচৰ মুৰ ফালি দিছিল আন্না হাজেৰেই

পুলিচৰ লাঠিৰে পুলিচৰ মুৰ ফালি দিছিল আন্না হাজেৰেই

Tuesday August 23, 2016,

4 min Read

আন্নাক তেওঁৰ মোমায়েকে মুম্বাইলৈ লৈ গ'ল । মুম্বাইত তেওঁ সপ্তম শ্ৰেণীলৈকে পঢ়িছিল । ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে আন্নাই সৰুতেই উপাৰ্জন কৰিবলগীয়া হয় । মুম্বাইত ফুলৰ তোৰা আৰু মালা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে আন্নাই । এই কাম কৰিবলৈ লোৱাৰ আঁৰতো কাৰণ আছিল । তেওঁ স্কুল ছুটীৰ পিছত ফুলৰ এখন দোকানত গৈ বহিছিল । ইয়াতে তেওঁ ফুলৰ মালা বনোৱা আৰু ফুলৰ তোৰা বনোৱা শিকিছিল । তেওঁ এটা সময়ত ভাবিলে যে নিজাকৈ এখন ফুলৰ দোকান খোলাই লাভজনক । তেওঁৰ মতে, "ফুলৰ কাম সাত্বিক। ভগৱানৰ ডিঙিতো ফুলৰ মালা থাকে । ফুলৰ ব্যৱসায় কৰাৰ ইও এটা কাৰণ আছিল ।" 

মুম্বাইত আন্নাৰ বৈপ্লৱিক পৰিৱৰ্তন আহিছিল । এক কথাত কিষণ বাবুৰাও হাজাৰে মুম্বাইতে আন্না হাজাৰে হৈছিল । মুম্বাইতে তেওঁ সমাজকৰ্মী আৰু আন্দোলনকাৰী হৈছিল । কিশোৰ বয়সতে আন্নাই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰি দিছিল । কম বয়সতে তেওঁৰ প্ৰতিবাদী কন্ঠৰ তেজস্বিতা দেখি নিপিড়ীত মানুহ তেওঁৰ কাষ চাপিছিল । 

আন্নাই য'ত ফুল বেচিছিল তাতে আন একাংশ বেপৰীয়েও ফল-মূল, শাক-পাচলি, ফুল আদি বিক্ৰী কৰিছিল । আন্নাই সদায় লক্ষ্য কৰিছিল যে এই বেপৰীবোৰৰপৰা পুলিচে সদায় ডকা হকা দি ধন লৈছিল । ধন দিবলৈ অস্বীকাৰ কৰিলে মাৰ পিটো কৰিছিল । আন্না হাজাৰে এইধৰণে গুণ্ডাকৰ দিয়াৰ বিৰোধী আছিল আৰু তেওঁ নিজৰ মতত অটল আছিল । তেওঁ পুলিচক বুজাবলে চেষ্টা কৰিছিল যে এইদৰে দূখীয়া মানুহৰপৰা ডকা-হকা দি পইছা লোৱাটো বেয়া কথা । কিন্তু তেওঁৰ কথা শুনিবলৈ কোনো প্ৰস্তুত নাছিল । আন্নাৰ ভাষাত, "তেওঁলোকৰ অভ্যাস হৈ গৈছিল আৰু সেইকাৰণে তেওঁলোকৰ মূৰত ইয়াৰ কোনো প্ৰভাৱ নপৰিছিল ।" 

খুব কম সময়তে আন্না এই নিপিড়ীত মানুহবোৰৰ নেতাত পৰিণত হৈছিল । সকলোৰে আন্না হৈ পৰিছিল কিষণ । তেওঁৰ তেজ গৰম আছিল । মকে শিকোৱা কথাৰে তেওঁৰ মন পৰিপূৰ্ণ হৈ আছিল আছিল আৰু সদায় বিপদত পৰা মানুহক সহায় কৰিবলৈ তেওঁ প্ৰস্তুত হৈ থাকিছিল । 

এনেতে এদিন এনে এটা ঘটনা ঘটিল যে তেওঁ মুম্বাই এৰিবলৈ বাধ্য হ'ল । এজন পুলিচে ফল-মূলৰ বেপাৰী এজনক পইছা নিদিয়াৰ কাৰণে মাৰপিট কৰিলে । মাৰ খোৱা মানুহজন আন্নাৰ কাষলৈ আহিল আৰু এইবাৰ আন্না তেওঁৰ লগত পুলিচজনৰ ওচৰলৈ গ'ল । যেতিয়া আন্নাই তেওঁক দূখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিবলৈ হাক দিলে তেতিয়া তেওঁ আন্নাকো গালি পাৰিবলৈ ধৰিলে । আন্না কয়, "যেতিয়া তেওঁ মোৰ ওপৰতো তৰ্জন গৰ্জন কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া মই তেওঁৰ হাতৰ লাঠিডাল লৈ তেওঁক ইমান পিটিলো যে তেওঁৰ মূৰত আঠটা চিলাই পৰিল ।"

ভাবিবলৈ টান লাগে যে অহিংসা আৰু শান্তিৰ দূত হিচাপে বিখ্যাত আন্না হাজাৰেই এজন পুলিচক মাৰি ক্ষত বিক্ষত কৰিছিল । পুলিচৰ লাঠিৰেই পুলিচক মাৰিছিল । গান্ধীবাদী আন্নাই সেই ঘটনাৰ কথা সুঁৱৰি কয়, বাস্তবিকতে হিংসা হৈ গৈছিল । কিন্তু তেতিয়ালৈকে গান্ধীজী মোৰ জীৱনত নাছিল । মই ছত্ৰপতি শিৱাজীৰ ভক্ত আছিলো । তেওঁৰ মতে ৰজা অথবা বিষয়াই ভুল কৰিলো তেওঁৰ হাত কাটি দিব লাগে ।" 

পুলিচক পিটাৰ পিচত আন্নাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি হ'ল । গ্ৰেপ্তাৰৰপৰা হাত সাৰিবলৈ তেওঁ আত্মগোপন কৰিলে । পুলিচৰ চকুত ধূলি দিবলৈ তেওঁ বিভিন্ন সময়ত বিভিন্ন ঠাইত থাকিবলৈ ল'লে । আন্নাই কয়, "দুই-তিনি মাহ আত্মগোপন কৰিলো। মোৰ ফুলৰ ব্যৱসায়ৰ বহুত লোকচান হ'ল । এই ফল বোপাৰীবোৰ মোৰ আত্মীয় নাছিল । কিন্তু অত্যাচাৰৰ বিৰুদ্ধে মাত মতাটো মোৰ কৰ্তব্য আছিল । মই মোৰ কৰ্তব্য পূৰণ কৰিছিলো ।"  

আন্নাৰ মতে আত্মগোপনৰ সময়ছোৱা বৰ কষ্টকৰ আছিল । পুলিচৰপৰা বাচিবলৈ কেতিয়াবা ষ্টেচনতে শুবলগীয়া হৈছিল । বেলেগ বেলেগ বন্ধুৰ ঘৰত ৰাতি থাকিছিল তেওঁ । সকলো সময়তে সজাগ হৈ থাকিবলগীয়া হৈছিল । পুলিচক পিটাৰ কাৰণে সকলো পুলিচে তেওঁক ধৰিবলৈ চেষ্টা চলাইছিল । ফুলৰ দোকানো বন্ধ আছিল । সেই কাৰণে চলাও টান হৈ গৈছিল । আন্নাই কয়, "সেই দিনবোৰ কষ্টকৰ আছিল । কিন্তু পুলিচে মোক ধৰিব নোৱাৰিলে ।"

আত্মগোপন কৰি থকাৰ সময়তে তেওঁ গম পালে যে ভাৰত চৰকাৰে যুৱকসকলক সেনাবাহিনীত ভৰ্তি হ'বলৈ আহ্বান জনাইছে। আন্নাই সিদ্ধান্ত ল'লে যে তেওঁ সেনাবাহিনীত যোগদান কৰিব । তেওঁ সেনাত ভৰ্তি হ'ল আৰু গ্ৰেপ্তাৰ হোৱাৰপৰা বাচি গ'ল । 

কিন্তু মুম্বাইয়ে তেওঁক শোষিত আৰপ নিপিড়ীতসকলৰ নায়কত পৰিণত কৰিছিল । তেওঁ আন্দোলনকাৰী আৰু সমাজকৰ্মীত পৰিণত হৈছিল । পুলিচক পিটাৰ আগতে তেওঁ মুম্বাইত ভাড়াতীয়াৰ ওপৰত হোৱা শোষণৰ বিৰুদ্ধেও সৰৱ হৈছিল । সেই সময়ত এচাম গুণ্ডা দগাবাজে ভাড়াঘৰত থকা মানুহক ডকা-হকা দি তেওঁলোকক ঘৰ খালী কৰাৰ ভাবুকি দি ধন আদায় কৰিছিল । আন্নাই এই ঘটনাৰ কথা গম পাই কিছুসংখ্যক লোকক লগত লৈ এটা সংগঠন খুলিলে আৰু সেই গুণ্ডাবোৰত গৈ ভাবুকি দিলে যে যদি তেওঁলোকে এই কাম বন্ধ নকৰে তেনেহলে তেওঁ সিহতক চাই ল'ব । আন্নাৰ ভাবুকি, তেওঁৰ হাব-ভাৱ দেখি গুণ্ডাবোৰো আতংকিত হৈছিল । তেওঁ কয়, "মই শৈশৱতে অন্যায়ৰ বিৰুদ্ধে মাত মতা আৰম্ভ কৰিছিলো । এই স্বভাৱ মোৰ থাকি গৈছিল । কম বয়সীয়া আছিলো যদিও গুণ্ডাবোৰে মোলৈ ভয় কৰিছিল ।"

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অান্না হাজাৰেই এবাৰেই ফাকি দিছিল....

মাক দেউতাকৰ আদৰ্শৰে কিষণ হৈ পৰিছিল আন্না

বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে 

দেশী-বিদেশী কম্পেনিৰ বাবে যুৱক-যুৱতী সকলক প্ৰস্তুত কৰিছে মডেলছ দিল্লী ডট কমে