প্ৰৱৰ্তন হ'ল প্ৰধানমন্ত্ৰী সৌভাগ্য যোজনা

প্ৰৱৰ্তন হ'ল প্ৰধানমন্ত্ৰী সৌভাগ্য যোজনা

Wednesday September 27, 2017,

2 min Read

নতুন দিল্লীত ্ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা, চমুকৈ সৌভাগ্য যোজনাৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ লক্ষ্য হৈছে দেশৰ প্ৰতিটো পৰিয়ালক বিদ্যুৎ যোগান ধৰা।

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে অ’এনজিচিৰ নৱনিৰ্মিত ভৱন-‘দীনদয়াল শক্তি ভৱন’ দেশবাসীৰ নামত উচৰ্গা কৰে। এই অনুষ্ঠানতে বুষ্টাৰ কম্প্ৰেচাৰ সুবিধাযুক্ত বেচেইন গেছ ফিল্ডো দেশবাসীলৈ উচৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে জন ধন যোজনা, বীমা আঁচনি, মুদ্ৰা যোজনা আৰু উড়ানৰ আলোকপাত কৰি ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে সমাজৰ আটাইতকৈ দুখীয়া লোকসকলৰ উন্নয়নত কেনেকৈ সফলতা লাভ কৰিছে তাৰো খতিয়ান দাঙি ধৰে।

image


প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনাৰ সন্দৰ্ভত তেওঁ কয় যে দেশত এতিয়াও বিদ্যুৎ সংযোগ নোপোৱা প্ৰায় চাৰি কোটি পৰিয়ালক এই যোজনাই সামৰি ল’ব। এই আঁচনিৰ বাবে ১৬০০০ কোটি টকা ধাৰ্য কৰা হৈছে। প্ৰতিটো দুখীয়া পৰিয়ালক বিনামুলীয়াকৈ বিদ্যুৎ সংযোগ প্ৰদান কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

ভাষণ প্ৰসংগত তেওঁ ১০০০ দিনৰ ভিতৰত দেশৰ ১৮,০০০ হাজাৰখন গাঁৱত বৈদ্যুতিকৰণ কৰাৰ লক্ষ্যৰ কথা উল্লেখ কৰি কয় যে বৰ্তমান ইয়াৰে ৩০০০খন গাওঁ বাকী আছে।

তেওঁ কয়লাৰ নাটনি বিষয়টো এতিয়া অতীতৰ এক ঘটনাত পৰিণত হ’ল বুলি কোৱাৰ লগতে ইয়াৰ দ্বাৰা শক্তিখণ্ডৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যত উপনীত হোৱা বুলি কয়।

প্ৰধানমন্ত্ৰীয়ে ২০২২ৰ ভিতৰত দেশত নবীকৰণযোগ্য শক্তিৰ ১৭৫ জিগাৱাট উৎপাদনৰ লক্ষ্যৰ দিশতো যথেষ্ট অগ্ৰসৰ হোৱা বুলি কয়। তেওঁ কয় যে নবীকৰণযোগ্য শক্তিয়ে বিদ্যুতৰ ব্যয় তাৎপৰ্যপূৰ্ণভাৱে হ্ৰাস কৰিছে। এই ক্ষেত্ৰত ট্ৰেন্সমিচন লাইনো যথেষ্ট বৃদ্ধি পাইছে।

উদয় আঁচনিৰ দ্বাৰা বিদ্যুৎ বিতৰণ কোম্পানীৰ লোকচান হ্ৰাস পোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াক সহযোগিতামুলক যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এক অন্যতম উদাহৰণ আখ্যা দিয়ে।

দেশৰ অৰ্থনীতিত উজ্জ্বলা আঁচনিৰ প্ৰভাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা এলইডি বাল্বৰ ব্যয় দ্ৰুত গতিত হ্ৰাস পালে।

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাৰতক এক শক্তি আন্তঃগাঁঠনিৰ প্ৰয়োজন, যাৰ দ্বাৰা সমতা, সক্ষমতা আৰু বহনযোগ্যতাৰে কাম কৰিব পৰা যায়। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্ম-সংস্কৃতিৰ পৰিৱৰ্তনে শক্তিখণ্ডক শক্তিশালী কৰি তুলিলে। ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ কৰ্ম-সংস্কৃতিত এক ব্যাপক পৰিৱৰ্তন আহিব।