বিভূতি লহকৰ: এছিয়াৰপৰা মনোনীত একমাত্ৰ IUCN ৱৰ্ল্ড হেৰিটেজ হিৰ'

বিভূতি লহকৰ: এছিয়াৰপৰা মনোনীত একমাত্ৰ IUCN ৱৰ্ল্ড হেৰিটেজ হিৰ'

Friday August 26, 2016,

5 min Read

১৯৯৯ চনত পিএইচডি কৰিবলৈ মানস ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছিল এজন যুৱক । মানসৰ তৃণভুমি আৰু ইয়াৰ বিলুপ্তপ্ৰায় নল গাহৰিৰ ওপৰত অধ্যয়ন কৰিবলৈ গৈ তেওঁ আকৰ্ষিত হৈ পৰিছিল মানসৰ প্ৰতি । ১৯৮৫ চনতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱা মানস ৰাষ্ট্ৰীয় উদ্যান সেই সময়ত আছিল সংকটৰ গৰাহত । ব্যাপক বনাঞ্চল ধ্বংস আৰু বেদখল, চোৰাংচিকাৰ আদি বিভিন্ন কাৰকৰ প্ৰভাৱত ১৯৯২ চনৰপৰাই মানস হৈ পৰিছিল সংকটাপন্ন বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাভূক্ত । এই কথাই ব্যাথিত কৰি তুলিছিল যুৱকজনক । সেই সময়ত সন্ত্ৰাসবাদী অধ্যুষিত অঞ্চলটোৰ আশে পাশে থকা লোকসকলেও অচিনাকী লোকক সন্দেহৰ চকুৰে চাইছিল । এনে এক পৰিস্থিতিত তেওঁ কেৱল বন বিভাগৰ লোকেই নহয়, স্থানীয় লোকৰো বিশ্বাস জয় কৰাতো গুৰুত্ব দিবলগীয়া হৈছিল । বহু কষ্ট কৰি তেওঁ সমগ্ৰ আঞ্চলজুৰি গঢ়ি তুলিলে আস্থাৰ এক কটকটীয়া বান্ধোন । সমান্তৰালভাৱে চলাই গ'ল মানস সংৰক্ষণৰ যুঁজ । এই অঞ্চলটোত পৰিবেশৰ বাবে কাম কৰাৰ লগতে অঞ্চলটোৰ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰাৰো এক ব্যৱস্থা গঢ়ি তুলিলে সেই যুৱকজনে । মানস ৰাষ্ট্ৰীয় উদ্যান আৰু তেওঁ হৈ পৰিল একোটা মূদ্ৰাৰ ইপিঠি সিপিঠি ।বহুবছৰলৈকে তেওঁ আছিল বাহিৰৰ পৰিবেশ বিজ্ঞানী আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজৰ এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ ।  

দীৰ্ঘদিন ধৰি মানস আৰু দাতিকাষৰীয়া অঞ্চলসমূহৰ উন্নয়নৰ বাবে কাম কৰি অহা এই ব্যক্তিজনে অঞ্চলটোৰ নাড়ী নক্ষত্ৰ ভালকৈ চিনি পায় । তেওঁ মানসৰ সংৰক্ষণৰ বাবে অহৰহ চেষ্টা চলাই আহিছে আৰু তেওঁৰ চেষ্টাৰ এক অন্যতম ফল হৈছে ২০১১ চনত সংকটাপন্ন বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাৰপৰা মানস ৰাষ্ট্ৰীয় উদ্যান বাদ পৰাটো । প্ৰচাৰবিমূখ এই সংৰক্ষণবিদজন হৈছে ড° বিভূতি লহকৰ । আজিৰ তাৰিখত লহকৰ অসম বা ভাৰতৰে নহয় এছিয়া মহদেশৰ এজন আগশাৰীৰ পৰিবেশ সংৰক্ষণবিদ । শেহতীয়াকৈ ২০১৬ চনৰ আইইউচিএন (International Union for Conservation of Nature) ৱৰ্ল্ড হেৰিটেজ হিৰ' সন্মানৰ বাবে মনোনীত হৈছে ড° বিভূতি লহকৰ । এই বঁটাৰ বাবে মনোনীত বিশ্বৰ পাঁচজন ব্যক্তিৰ ভিতৰত এছিয়া মহাদেশৰপৰা মনোনীত তেৱেঁই হৈছে একমাত্ৰ সংৰক্ষণবিদ । উল্লেখযোগ্য যে ৩ চেপ্তেম্বৰত অনুস্থিত হ'বলগীয়া IUCN ৱৰ্ল্ড কনজাৰ্ভেছন কংগ্ৰেছত বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লোকৰ অনলাইন ভোটৰ ভিত্তিত এই পাঁছজনৰ মাজৰে এজনক পিপলছ চইছ ৱৰ্ল্ড হেৰিটেজ হিৰ' বঁটাৰে সন্মানিত কৰা হ'ব ।

মানসত কাম কৰিবলৈ আৰম্ভ কৰাৰ অভিজ্ঞতা সম্পৰ্কে ড° বিভূতি লহকৰ কয়, "মই নিজকে প্ৰশ্ন কৰিছিলো যে মোৰ শিক্ষাক মই কিদৰে মানুহৰ কামত লগাব পাৰোঁ। মই বিজ্ঞানক সাধাৰণ মানুহৰ ওচৰলৈ লৈ যাব পাৰিছিলো । উদাহৰণ স্বৰূপে মই তেওঁলোকক বুজাইছিলো কিদৰে বন্যপ্ৰাণী আৰু উদ্ভিদৰ ওপৰত চকু দিব পাৰি । তেওঁলোকৰ কিছুমান আছিল নিৰক্ষৰ আৰু মই সেইকাৰণে তেওঁলোকৰ লগত কাম কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিলো ।"  

পৰিবেশ সংৰক্ষণ সম্পৰ্কে সজাগতা আনিবলৈ ড° বিভূতি লহকৰ অঞ্চলটোৰ ঠায়ে ঠায়ে আয়োজন কৰিছিল জনসভা। এই জনসভাবোৰৰ যোগেদি তেওঁ চেষ্টা চলাইছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানসৰ সংৰক্ষণ আৰু পৰিবেশ পৰ্য্যটন ক্ষেত্ৰৰূপে ইয়াৰ উৎকৰ্ষ সাধনৰ ওপৰত সজাগতা সৃষ্টি কৰা । এই সংৰক্ষণ প্ৰচেষ্টাৰ দ্বাৰা স্থানীয় যুৱকসকলৰ সংস্থাপনৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ বাবেও প্ৰচেষ্টা আৰম্ভ কৰিলে তেওঁ । বিভিন্ন স্থানীয় সংগঠনৰ লগতে নিজা একান্ত প্ৰচেষ্টাৰে তেওঁ ১০০ জন স্থানীয় যুৱকৰ এক দল গঠন কৰিলে । এওঁলোকক পৰিবেশ সংৰক্ষণৰ লগতে পৰিবেশ পৰ্যটন গাইড হিচাপেও প্ৰশিক্ষণ দিয়ে তেওঁ । এই যুৱকসকল আজি পৰিবেশ পৰ্যটন ক্ষেত্ৰত স্বনিয়োজিত ।

এই প্ৰচেষ্টাত ড° বিভূতি লহকৰে প্ৰাক্তন চোৰাংচিকাৰীকো জড়িত কৰিলে । আত্মসমৰ্পণকাৰী চোৰাংচিকাৰীসকলৰ পুনৰসংস্থাপনৰ লগতে তেওঁলোকক সামাজিকভাৱে মৰ্যদাপূৰ্ণ জীৱন প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ড° বিভূতি লহকৰে । প্ৰায় ৬০০ স্থানীয় তৃণমূল পৰ্যায়ৰ স্বেচ্ছাসেৱী সংগঠনৰ সদস্য আৰু প্ৰাক্ত চোৰাংচিকাৰীক সংৰক্ষণৰ প্ৰশিক্ষণ দি তেওঁলোকক পৰিবেশ সংৰক্ষণৰ কামত নিয়োজিত কৰিছে তেওঁৰ দলে । "এসময়ত মানস ধ্বংস কৰা একাংশ লোক আজি মানসৰ সংৰক্ষণৰ কামত জড়িত ।" আত্মসন্তুষ্টিৰে কয় ড° বিভূতি লহকৰে । 

শতাধিক আত্মসহায়ক গোট গঠন কৰি খাদ্য সংসাধন, বয়ন আৰু মীনপালনৰ দৰে কৰ্মৰ যোগেদি অঞ্চলটোৰ মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতাৰ বাবেও তেওঁ যথেষ্ট কাম কৰিছে । 

মানসৰ দাতিকাষৰীয়া অঞ্চলসমূহৰ ৰাইজক বনৰীয়া হাতিৰ উপদ্ৰৱৰপৰা সুৰক্ষা দিবৰ কাৰণে ২০১৩ চনত বৈদ্যুতিক তাঁৰৰ বেৰ নিৰ্মাণৰ কামৰ তদাৰকী কৰাৰ দায়িত্বত আছিল ড° বিভূতি লহকৰ । ১৪ কিলোমিটাৰ দৈৰ্ঘৰ এই বেৰে প্ৰায় ১০০০ আৰ্থিকভাৱে দূৰ্বল পৰিয়ালক হাতীৰপৰা সূৰক্ষা দিছে । উল্লেখযোগ্য যে এই বেৰ নিৰ্মাণৰ পাছৰপৰা এই অঞ্চলটোত হাতী-মানুহৰ সংঘাতৰ কোনো ঘটনা সংঘটিত হোৱা নাই । 

ভাৰতৰ মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ভূটানৰ ৰাজকীয় মানস ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ মাজত যোগসূত্ৰ স্থাপনৰ ক্ষেত্ৰত ড° লহকৰৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ । দুয়োপক্ষৰ যুটীয়া সহযোগৰ ফলত এতিয়া সমগ্ৰ মানসতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক পৰ্যবেক্ষণ ব্যৱস্থা গঢ়ি উঠিছে । এই অঞ্চলটোত ব্যাঘ্ৰ সংৰক্ষণৰ ক্ষেত্ৰত এক আঁচনি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁৰ গৱেষণা আৰু পৰামৰ্শাৱলীয়ে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । তেৱেঁই অঞ্চলটোৰ প্ৰথমটো জিআইএছ জৰীপ সম্পন্ন কৰে আৰু এই জৰীপে মানসৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । 

মানসৰ সৈতে নিজৰ আত্মিক সম্পৰ্কৰ বিষয়ে ড° বিভূতি লহকৰে কয়, "মানসে মোক সকলো দিছে । মোৰ শিক্ষা, মোৰ পিএইচডি, মোৰ পৰিচয় আৰু মোৰ জীৱনসঙ্গিনী নমিতা ।"

IUCN ৱৰ্ল্ড হেৰিটেজ হিৰ' মনোনয়ন সম্পৰ্কে তেওঁ কয়, "এই মনোনয়নে মোক মানসৰ সংৰক্ষণত অধিক সহায় কৰিব । যদি মই সৰ্বাধিক ভোট লাভ কৰি পিপলছ চইছ বঁটা লাভ কৰিবলৈ সক্ষম হওঁ তেনেহলে ই মোক মানসলৈ বিশ্বৰ মনোযোগ আকৰ্ষণ কৰাৰ ক্ষেত্ৰত অধিক সহায় কৰিব ।" 

য়'ৰ ষ্ট'ৰী অসমীয়াৰ তৰফৰ পৰা আমিও ড° বিভূতি লহকৰক শুভকামনা জনাইছো । ইচ্ছুক ব্যক্তিয়ে iucn.org ৱেবচাইটলৈ গৈ ড° বিভূতি লহকৰক ভোট দিব পাৰিব । আহক আমি সকলোৱে এছিয়া মহাদেশৰ এইজন আগশাৰীৰ পৰিবেশ সংৰক্ষণ কৰ্মীক জয়যুক্ত কৰোঁ ।

এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী

উপলুঙাৰ উত্তৰ দিবলৈ আৰম্ভ হৈছিল গুৱাহাটী ফুডি

ষ্টিফেন হকিঙৰ আৰ্হিত কণ্ঠস্বৰেৰে নিয়ন্ত্ৰণ কৰিব পৰা হুইল চেয়াৰ নিৰ্মাণ কৰা এজন ছাত্ৰ

ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক স্বপ্ননীল তালুকদাৰৰ বাবে এলাহেই আছিল উদ্ভাৱনৰ মূল

উদ্যোগশীলতাৰ শিক্ষা মণিৰাম দেৱানৰপৰা

    Share on
    close